খবৰ লোৱা যন্ত্ৰ

সকলোকে পৰি মই কৰো নমস্কাৰ ,

কলি কালৰ সমাজখনৰ কৰো আৱিস্কাৰ ।

 গাড়ী মটৰ , মোবাইল টিভি , লেপটপৰ যাদু ,

তাৰ মাজতে ওলায় আজি বুঢ়ী আইৰ সাধু ।

 

সমাজ খন আছে আজি ইণ্টাৰনেটৰ মাজত ,

বন্ধু আৰু ঘৰৰ খবৰ আছে ফেচবুকৰ পাতত  ;

কাপোৰ কানি , বজাৰ সমাৰ আৰু প্লাষ্টিকৰ টকা,

ইটো সিটো বহুটো বস্তু যেন কল্পনাৰে ঢকা ।

 

আঙুলিৰ টিপতে আমি ঘুৰো দেশ মহাদেশ ,

সাত সাগৰৰ মাণিকো পাওঁ নকৰি কষ্ট বিশেষ ;

খোৱা বোৱা, খবৰ কাগজ , গান – চিনেমা ,

সকলোবোৰ আছে আজি বাকছতেই জমা ।

 

মোবাইল ফোনত কথা পতাৰ যিমান ব্যৱহাৰ ,

তাতোকৈ বেছি আজি অন্য কাৰবাৰ ,

মেপ আছে , খেল আছে আৰু কত কি,

হোৱাতছআপত সোমাই আছে সকলোৰে জী ।

 

এদিন যদি সচাকৈ এইবোৰ নোহোৱা হৈ যায় ,

কি কৰিম আমিবোৰে ভাবিছনে বোপাই ?

সেই বাবে মাজে মাজে এইবোৰ বন্ধ কৰি থবা,

আছল দুনীয়াত কি চলিছে তাৰো খবৰ ল’বা ।

 

 

Advertisements